শুভ মংগল

আজি মোৰ মৰাৰ দিন
পুৰঠ চুলিৰ সেওঁতাবোৰৰ উজ্জ্বলতা আজি কমিব
উশাহৰ দামবোৰ আকৌ বাঢ়িব
প্ৰতি উশাহ একেলগে জিৰোৱাৰ হেঁপাহবোৰ বতাহত মিছিল হ'ব 
হয়তো তুমি দুখী হ'বা , 
হয়তো দুখী হ'ব পেন্সন পুৰি পুৰি ঘৰ পোহৰোৱা পিতাই
হয়তো সুমুনিয়াহবোৰ আইৰ জুহালৰ ফুচুঙাৰে পাৰ হ'বা নোৱাৰিব
নোৱাৰিব আয়ে দগাপাল্লাত জুখি সুখ মোনে মোনে কিনিব
ভনীৰ চুৰ্ণীখন তিতা
মোৰে সৈতে শৈশৱবোৰে চাগে তাইকো বানগ্ৰস্ত কৰিছে
শোকত নে বেজাৰত ! 
দুখবোৰে তাইৰ বুকুত পোহাৰ মেলিছে
তাইৰ যে ক্ষোভটো...সামৰিবলৈকে নহ'ল
তাইৰ দুগাল হালধীয়া কৰাৰ আগতেই আজি ৰাঙলী আপোন 

Comments

Popular Posts