মুখীয়াল
যেতিয়া চিফুঙৰ সুৰবোৰ কৃষ্ণৰ বাঁহীত ফুটিছিল
নদীৰ গৰাবোৰ আশাহত হৈ পিৰালী পুতিছিল
বুকুতে পকিছিল দুখ
উজাই যাবলৈ যে এতিয়াও বহুবাট সাৰথি
নদীবোৰ কেৱল সীমাহীন বাবেই জানো ইয়াত হুমুনিয়াহ বোৰ উটাই দিছিলোঁ ?
ৰং-বিৰঙী হোৱা বাবেই জানো মুখাবোৰ হ'ব পাৰে মানুহ !
সেই যে পঢ়িছিলোঁ
মাজুলীৰ কথা
কাতিৰ ফৰিংফুটীয়া জোনাকৰ কথা
ৰাসৰ কথা ; মুখাৰ কথা
সেয়া মোৰ অতীত
হাতত সাৰে ভৰিত সাৰে সি
খহা ভেঁটিৰ জীৱাশ্ম ।
Comments
Post a Comment