Hey bad luck ; Let's break up


জীৱনে যৌৱনত খোজ দিওঁতেই আহিছিলা তুমি
হৈ পৰিছিলা মোৰ একাত্ম আপোন,
প্ৰতিটো দিনতে খোজে খোজ মিলাই
নিশা শুই পৰিছিলা মোৰেই লগত।
প্ৰতিটো প্ৰান্ত প্ৰতিটো দিগন্ত ,
সকলো দিক সকলো বিদিক,
হেৰাব খুজিছিলা তুমি মোৰেই মাজত।
প্ৰত্যেক পল প্ৰত্যেক অনুপলত 
তুমি যে মোক কৈ পেলাইছিলা 
হেই শুনা,মই তোমাক প্ৰেম কৰোঁ জানা।
নিত্য সন্ধ্যাৰ মাতাল পৃথিৱীত সোমাবলৈ
তুমিয়েই জানো মোক ঠেলি দিয়া নাছিলা;
বজৰুৱা সমাজৰ গুণ গৰিমা শুনাই
তুমিয়েই জানো মোক উদ্বাউল কৰা নাছিলা;
ৰক্তপিপাসুৰ দৰে শুহি শুহি মোৰ যৌৱন
তুমিয়েই জানো ৰুক্ষ কৰি পেলোৱা নাছিলা।
তুমি কি বুজিবলৈ নাপালোঁৱেই,
তাৰ আগতেইটো মাখিছাল ছিঙি দিছিলা।
তোমাৰ পৰা কিমান পলাব বিচাৰিলোঁ
চাৰিওফালে যে কেৱল তুমি আৰু এই ধূসৰ পৃথিৱী।
কিন্তু কি কৰিবা......
এতিয়া যে হৈ পৰিছোঁ মই
বেনাম প্ৰেমৰ অজঙ্ঘী প্রেম পূজাৰী।
এই....এই......এই.......
এনেখন নকৰিবা হে.....এয়া যে মহাপাপ
পুনৰ শেষত কাবৌ কৰিছোঁ.......
Hey bad luck ; let's break up

Comments

Popular Posts