ৰাতিটোক ৰাতি হৈ থাকিব দিয়া



শুনিছোঁ শুনিছোঁ...
মই "কুম্পুৰ সপোন" শুনিছোঁ
অথবা শুনিছোঁ আহ্লাদনপ্ৰিয়তাত
ৰাতিটোকে তামি কৰি লোৱা
বেউলা লখিন্দৰৰ অস্তৰাগ
আৰু চান্দ সদাগৰৰ ডিঙাৰ দোপদোপনি....

শব্দভেদীৰ পাষাণ টোম 
দশৰথৰ কাতৰতা
বিলাপৰ আলাপ

এই কোনোটো চোন...
অপাৰগ...
মোৰ ৰাতিটোক জীয়াবলৈ

জিয়াভৰলীৰ ম'হ বন্ধা খুটিত
আৰাম লোৱা জোনটোক
শুদ্ধতাৰ বগা বুলাবলৈ

মোৰ প্ৰাণীবোৰ আজি নীৰৱ নিতাল
নিঃকিনতাই কিন্তু ঠিকেই উজাইছে
হৰতাল আৰু হৰতাল....
দিয়া চোন দিয়া
মোৰ নিশাটোক অকন শুব দিয়া
আজিৰ ৰাতিটোক ৰাতি হৈ থাকিব দিয়া ।

আঃ.......
আকৌ নিনাদ
চিগাৰেটৰ এঙাৰ...
দামী ব্ৰেণ্ডৰ ফটিকাৰ কচৰ
কোণত
মোৰ তেজৰ চিটিকা কণ লাগিলেহে যেন তেওঁৰ শান্তি
সবেতো জানেই
মই হেনো তেওঁৰ বঙহৰদেউ নামৰ সঁজাত বন্দী...
কি নো কৰোঁ ক'ত নো যাওঁ
ৰাতি নাহিলেইচোন মোৰ শান্তি

অৱল নিশাৰ ধৱল বেলিটো শান্ত হৈ কিয় আছা
  মোৰ নিশাটোক অন্ততঃ শুব দিয়া
আজিৰ ৰাতিটোক  ৰাতি হৈ থাকিব দিয়া

আঃ....
ডেউকা ভঙাৰ আঘাত

লঠঙা দেহৰ প্ৰাণমমতাক ছালেৰে
ঢকাৰ 
ই যে এক নিষ্কৰ্ম প্ৰয়াস...

পদপথৰ মৰহা অপৰাজিতা
মই হেনো প্ৰতীকি অসভ্যতা
তথাপি মই হাঁহো 
মই জানোঁ 
কোন সভ্য আৰু কি সভ্যতা

এই ঠেঁটুৱৈত থৰ থৰকৈ কঁপা দেহা
কোন বা পাষানৰে আজি হয় দেখা
দিয়া চোন দিয়া 
মোৰ নিশাটোক শুবলৈ দিয়া
আজিৰ ৰাতিটো ৰাতি হৈ থাকিব দিয়া

আঃ....
হুল বোৰে দেখোন বিন্ধিছে
আমাৰ কি হেৰাইয়ে গৈছে নেকি
নিশাৰ আন্ধাৰ পুওৱাৰ মাদকতা

তুমি তুমি হৈয়ে থাকা
কিন্তু মোকতো অকণমান জীয়াব দিয়া
হালধীয়া হেলজেনৰ ছাঁত লুকাই লুকাই
নিৰপৰাধী বোৰ যে উলংগ হৈ পৰিছে
দেহেৰে নিগৰিব ধৰিছে বিতৃষ্ণা আৰু প্ৰতিহিংসাৰ ৰাগিনী
তাক জানো বাধা দিব জানা
যদি দিবই নোৱাৰা ভৰষা
যুক্তিত নিজীয়াই কোনো আশা
কাবৌ কৰিছোঁ...মাথোঁ দিয়া
মোৰ নিশাটোক শুব দিয়া
আজিৰ ৰাতিটো ৰাতি হৈ
হৈ থাকিব দিয়া ।
--------------------------

Comments

Popular Posts