বেলিত ফুলা জোনাক
সেই যে পাহাৰটো.........যাৰ সিটো পাৰে তুমি , ইটো পাৰে মই ।........ও......... ও...........সেইটোৱে..... সেইটোৱে । সেই পাহাৰৰ টিঙত এটা তৰাই ঘৰ বান্ধিছিল ; য'ত শুই পৰিছিল সমস্ত জোনাক । গোটেই ভাৰস্তখনকেই যেন সি নিজৰ মাজত সুমাব । হাবু - ডুবু , হাবু - ডুবু ........এজোপা জীপাল মনৰ সতে তাৰ বাবে বাট চাইছিল সেই পোহৰকণে । নিস্তব্ধ নিচাই কি সানিব ক'লা .......নে বেঙুনবুলীয়া........ নে আকৌ অস্তৰাগৰ ধোঁৱাৰঙীয়া ........নাই নাই...... বগাৰ মাজত তাৰ দেখোঁ ৰহণেই বৰণীয়া।
পাহাৰীয়া তৰাটোৱে উজ্জ্বলতা বঢ়াইছিল -- তোমাৰ..........মোৰ । চকুৱে চকুৱে , মণিয়ে মণিয়ে ...বিয়পি পৰিছিল ৰাগ - বিৰাগ আৰু লয়ৰ তাল মণিকূট। তথাপিও যে আমি মুধচটোলৈকে চাই ৰৈছিলোঁ । কিজানিবা সি হৈ পৰে আকাংক্ষাৰ আশা নাইবা বিষাদৰ তামিঘৰা । ৰশ্মিৰেখা এবাৰ নোসোমালেই যেন আমি হৈ পৰিম অন্ধ....কৰিম কুন্ধছ কৰম....নাইবা ....হৈ পৰিম এলান্ধুবুলীয়া দুৱাৰৰ কেৰকেৰণি । হাতীপতিয়ে তৰাক টানিবই........... জোনাকে জোনক নিচুকাবই................ তথাপি তুমি - মই নিশ্চুপ.....নিজান........ নিঃশব্দ । নাই....নাজানো....এয়া কিহৰ মায়া । এইয়াই নেকি বাৰু
শৱদ - বিষাদ আৰু নিনাদৰ ভাষা.............😌
Comments
Post a Comment