প্ৰহেলিকা



শ্ৰীল শ্ৰীযুক্ত শীতৰ তেজাল পুৱা,
জানো জানো আজিকালি  আপোনাৰ আহৰিয়ে নাইকিয়া।
ঠেঙাল ধৰা কৰ্কশ কৰত আপোনাৰেই এতিয়া হাবিয়াস বিদ্যমান...
তথাপিতো জানো আপুনি সুখী হব পাৰিছে,কৰিব পাৰিছে নিজ ৰঙে খেলা,
দেখিব পাৰিছে দুচকুত স্বপ্ন কিম্বা সাজিব পাৰিছে হৃদয়ালয়ত গোপন কুঠৰী।
এনেয়েতো সকলোৱে কয় এইয়া বোলে শীতৰ মায়া....
পিছে এনে ভণ্ডামিৰ ওৰেইবা পৰিব কেতিয়া, ঘোনঘোৰ ডাৱৰৰ  সৈতে পবিত্ৰ  হবইবা পাৰিব কেতিয়া? 
আপুনিটো বেঘৰ নহয়, নহয়বা কোনো প্ৰেমসাগৰৰ বেসাৰ নাৱিক...
কিয় তেন্তে কিয়??
কিয় পেখা নাই আপুনি 
হাৰভঙা ঠেঁটুৱৈত ককবকোৱা সেই ৰুক্ষ হাড় কেইডালৰ দুৰ্দশা...
কিম্বা লঠঙা শৰীৰ লৈ জীৱনত সুখী হোৱা নাৰী দেহটোৰ কথা।
লাহে লাহে ধূসৰিত সময় ধূলিত 
এইবোৰ জীৱন কেনেদৰে বলুকা হয় ,
আপুনিয়ে জানো তাৰ সাক্ষী নহয়...
যিয়ে বিচাৰে আপোনাৰ অলপমান সঁহাৰি তাৰেই জানো আপুনি সসন্মানে তিৰস্কাৰ কৰা নাই,
মোকটোতো কৈ কোনো লাভ নাই,
পুৰি পুৰি বিভৎস হোৱা জীৱই কিনো বুজিম....
হয়নো কি হেঁপাহৰ খৰিকাজাঁই
তথাপি এটা ক্ষোভ....
বিবেকে দংশা লোকক এনে ৰিক্ত প্ৰতিশ্ৰুতি শোভা নাপায়,
.................................................
.................................................
সমগ্ৰ বিশ্ব ৰৈ আছে...
লাগে মাথোঁ আপোনাৰ অকণমান সহায়,
জীৱনক পাহৰি যোৱা এটি জীৱৰ ঠিকনা লৈ এতিয়া মাথোঁ বিদায়।


Comments

Popular Posts