নিঃশব্দ নিঃসংগতা





এখন ৰূদ্ধদুৱাৰ দুখন বেপৰোৱা খিড়িকী...
মস্তিষ্কৰ মায়াজালৰ মাজত এই প্ৰাণীসত্ত্বাটো এতিয়াও চলি আছে,
নিজ  কক্ষপথ নিজ গতি।
মই যেন অনুভৱহোৱা মানুহটোৱে স্বপ্নত যেন লিৰিকি বিদাৰি ফুৰিছে...
বিচনাৰ উমত ই যেন অনুভৱ কৰিব ধৰিছে প্ৰাণশীতল নিস্তব্ধতা।
চিগাৰেটৰ গোন্ধ,মদৰ অতৃপ্ত তৃপ্তিত ই যে এতিয়াও অসংপৃক্ত.. 
মিত্ৰতাৰ জৰীত ইয়ো বিচাৰিব খোজে দীঘল দীঘল উশাহ
যাৰ সীমা কেৱল এখন বহল আকাশ ;
ইয়াৰ আব্দাৰবোৰ কেতিয়াবা শুনিবৰ চেষ্টা কৰোঁ...
ই যেন এতিয়াই কৰ্ণপাটত গুজৰিবলৈ ৰাজী,
মানুহৰ মাজত ৰাগীয়াল হৈ ইয়ো যেন পাহৰি পেলাইছে নিঃসংগতাৰ ভাষা।
নাই নাই এই মায়ানগৰীত সংগী নাই
নিঃসংগতাই গা কৰি উঠিছে জানা...
যাক এৰুৱাও বুলিলেও নোৱাৰো এৰাব..
ই যে অশনি সুৰৰ নিঃশব্দ বাঁহী
একেবাৰে ফুলকুমলীয়া

Comments

Popular Posts