ৰাস্তা
এখন এলান্ধুবুলীয়া বেহেলা,
টৰ টৰ কৈ ওলোৱা টুং টাং কেইটামান শব্দ....
মকৰাজালৰ ফাঁকৰ তাঁৰকেইডালক সিহঁতে লয় দিছিল।
বিৱশ তৰ্জনীৰ তৰ্জমাত তঁটিনী খনৰ বুকু বাঢ়িছিল...
অবুজ মনৰ পকা দাড়িখিনিৰ জানো
তেনেতে তিমিৰ স্তমিত হোৱা নাছিল?
কল্পনাবিলাসৰ ৰোহবোৰেও যেন
তপত চমক চুমিছিল
পনীয়া দুধাৰী লোতকো হৈ পৰিছিল....
ৰহৰ মুখৰ মৌ।
ক্ৰমশঃ...........
লৰ দিছিল
কান্ধে বোকোচাই হুমুনিয়াহৰ কৰাঁল কাটিছিল ;
নিগৰি নিগৰি , বাগৰি বাগৰি
কলিজাত বলিছিল Barbeque ৰ গোন্ধ।
অমুকাই চাই ৰৈছিলোঁ.....
কিজানিবা দোহৰাব পাৰোঁ
ক্ষেতৰ ক্ষুধাৰ ইতিহাস।
Comments
Post a Comment