প্ৰেমৰ পদ্য
নাই মোৰ কোনো ইউকেলিপ্টাছৰ দৰে
উচ্চতা চোৱাৰ হেঁপাহ
অথবা ডুলিৰ সমস্ত মেটমৰা সোণগুটিক
আখৈ কৰি ছটিওৱাৰ নিচা ।
গোটেই সাগৰ নোৱাৰিলেও
সুঁতিৰ ঢলত জীয়াবতো পাৰিম
ভালপোৱাৰ পুঠি-ডৰিকণা ।
হাঁহিৰ ভাঁজত সুখৰ সেন্দূৰ আঁকি
তুমি স্বপ্ন লেখা মোৰ সপোন মালিনী
অ' মোৰ ফুলনিৰ থুপি থুপি পপী কিম্বা হাইড্রাঞ্জীয়া
চেঁপাৰ মাজত ঘোলোকণি তোলা জীৱটোক
প্ৰেমৰ পঁচাৰে শেঁলিনো কিয় নেপেলোৱা ।
সুন্দৰী যুৱতীৰ বেশত বিভোৰ
এই মেট্ৰ'পলিটানক সাক্ষী কৰি
মোৰ চকুৰ মণিৰ স্নেহবন্ধনক
এবাৰ মাত্ৰ সঁহাৰি দিয়া ,
Hei Miss প্ৰহেলিকা এবাৰ মাত্ৰ হা বুলি কৈ দিয়ানা
Comments
Post a Comment