খোপনি
সৰু জুপুৰীটোত নিশা নামিছে । নিথৰ , নিস্তব্ধ নিশা । কিয় জানো আজি জোনটোক ইমান বিশাল যেন লাগিছে । লাহে লাহে যেন জোনৰ পোহৰটো শেঁতা হৈ নিদ্ৰাৰত গাওঁখনক চানি ধৰিছে । গাখীৰৰ সৰৰ দৰে মিহি জোনাকে আৱৰি ধৰিছে জুপুৰীটোৰ বাঁহৰ বেৰবোৰ , ঘূণপোকবোৰে দুৰ্বল কৰা খুঁটি আৰু মামৰে ধৰা এৰাপুৰলীয়া টিনবোৰ । দূৰত ঝিলিৰ চিঞৰ । বাঁহৰ বেৰৰ ফুটাবোৰেৰে জোনাক নামি আহিছে অশৰীৰী সৰীসৃপৰ ৰূপ লৈ । মুখৰ মাউথ অৰগেনত কিছুমান খেলি-মেলি ধূন তুলি মই অতীত নামৰ অসুৰৰ দশমী পূজাৰ আহুতি দিবলৈ লৈছোঁ ; অস্ত্ৰ কিছুমান বেবেৰিবাং স্মৃতি ।
সাজু হ সাজু হ...
যুদ্ধ সমাগত
অন্তঃদ্বন্দ্ব সমাগত
ৰণশিঙাত বুলনি পৰিল ।
Comments
Post a Comment