আশাধাৰী জীৱ


এটা মাত উটি আহিছিল
টুলুং-ভুটুং টুলুং-ভুটুং
সৰসৰকৈ সৰিছিল আবেগ
আশা মাত্ৰ....কেইটিমান শব্দৰ ।

মনৰ টিনপাটখন যে আজি তিতা নাই
নে তিতিবলৈ দিয়া নাই....
সৰি সৰি ডাৱৰৰ টুকুৰাই
জোলোকা জোলোকে খুৱাইছে
ইতিহাসৰ ৰঙীন মদিৰা
জীপাল জীপাল ৰঙা ।

কিহেৰে শুক দিম এই সুৰটোক
চুৰুহা নে আদা ৰচুনৰ পিটিকা
গালিবৰ শ্বেৰ নে ফ্ৰষ্টৰ কবিতা
নে হেঁপাহেৰে আঁকোৱালী লৈ
মাতাল ভাষাত....
উৰুৱাম বুকুৰ হাহাকাৰ।

বৈ যাম বৈ যাম...এনেদৰেই বৈ যাম
লহৰত ফুটাম বাস্তৱ
নিশ্বাসত তিয়াম তোমাৰ
চিলাবন্ধা নাইলনৰ তাঁৰ ।
গঙ্গা-যমুনা নে দৈয়াং-কলঙৰ
সাৰ লগা মাটিত ৰ'ম কোৱা...
য'ত মোৰ সতে ফুলি ৰ'ব
তেজৰঙা জবা আৰু সুগন্ধি খৰিকাজাঁই ।

দিয়া দিয়া...
ভগাই ল'ম দিয়া কঙাল এন্ধাৰ হাঁহিমুখে
 আৰু গুঞ্জৰিব দিয়া মোৰ কোঠা তোমাৰ শব্দেৰে...

নাই নাই 
মনত নানিবা মোক...
বৰ বিষাক্ত হ'ব পাৰে
সেই সময় ;
বিষবৃক্ষৰ দৰে ঘটালি পেলাব তোমাক ।
নাই নাই 
মোৰ কবিতা নোসোঁৱৰাবা ...
কেঁহাই পেলাব পাৰে দেহ মন আৰু মগজুৰ চেৰিব্ৰাম
আৰু কি কৰিবা...
কৰিবা কি ? 
যদি পিছ পেলাই মধুৱালাৰ দুৰ্দশা ।
ওহোঁ নকৰিবা 
নধৰিবা কেতিয়াও মোৰ সুৰে ৰাগ
কাঁইট হৈ বিন্ধিব পাৰে শব্দবোৰে
জনাকীৰ্ণকো কৰি তুলিব পাৰে নিৰ্জন ।
মইতো সঁজাল পখী নহ'লো
উৰি যাম...
উৰি যাম দূৰ সীমনালৈ
বিলাম সুৰভি তোমাৰ
সাতোৰঙী আঁতৰৰ...
য'ত ৰৈ যাব কেৱল তুমি
আৰু তোমাৰ সাধু সাধু লগা মৃগনাভি ...
সংগী মাথোঁ নিৰ্জীৱ এখন কথানদী 
বিদায়েৰে নেবেদাবা মোক 

"क्यों की चलती का नाम जिंदगी"

চৰৈৱতী চৰৈৱতী.......

Comments

Popular Posts