সহচৰ

প্ৰতি 🐥 , 
 মৰম ল'বা 
মোৰ উন্মনা ফাগুনৰ দুৰ্বাদল মৰম কেৱল তোমাৰ অধিকাৰ তুমি লঠঙা শীতৰ মহঙা আৱৰণ মোৰ ।
মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে দৌৰি ফুৰা RBCৰ প্ৰতিটো কণা তোমাৰ মাজত 
তোমাৰ প্ৰতিটো মাতত সিহঁতৰ জীৱন 
পল প্ৰতিপল তোমাৰ বাবে
সন্তৰ্পণে গোপনে তোমাৰ মাথোঁ ওঁঠৰ ভাঁজত বিচাৰে এমোকোৰা হাঁহি
তুমি মোৰ জোনাকৰ বৰষুণ
নিৰিবিলি নিয়ৰৰ মায়াজাল
সন্ধ্যাৰ এমডিমা পোহৰ কিম্বা পুৱাৰ পখীৰ কিৰিলি
হেতুলুকা , মপুলুঙা তোমাৰ মায়ানগৰী পথিক প্ৰেমিক
তোমাৰ নামতেই জীৱন , তোমাতেই যৌৱন
তোমাৰ নামতেই বাৰেবাৰে পপীয়া তৰা হৈ সৰি সৰি কৰিব পাৰো প্ৰতিটো সপোন সাকাৰ
তোমাৰ নামতেই বসন্ত বহাগ হৈ পদূলিমুখত কৰিব পাৰো
হায়দ্ৰাঞ্জীয়া অথবা বগা বকুলৰ বাহাৰ
তুমিতো মুক্ত চৰাই
নীলা আকাশ তোমাৰ ঠিকনা
দুহাতৰ ইচাৰা বুজানা
পোহৰ থাকোতেই কাষলে আহাঁনা

Comments

Popular Posts