সৰিয়হ ফুল



স্থান :-  পানীটেংকী বাছ ষ্টপ ।

ৰিব্ ৰিব্ কৈ বৈ অহা লুইতপৰীয়া এজাক বতাহ আৰু এটা খিলখিলীয়া হাঁহি । সভ্যতাৰ ধূলিৰে পুতি পেলোৱা এটা দুঠেঙীয়া অৱয়ব । ৰক্তকণাৰে সুসজ্জিত এক পৰকীয়া দেহ । ফটা কাপোৰেৰে কটা শৰীৰ লুকুওৱাৰ ষড়যন্ত্ৰ । মুখৰ লেলাৱতী , কোটৰৰ চকুলোত অবাধ বিচৰণ কেইটামান ভেনামাখিৰ । 
নাই নাই... কোনো সাৰে নাই...কোনো মোহ নাই...
শূন্যতা পূৰাবলৈ শূন্যটোও নোহোৱা হোৱা মানুহটোৰ ফুটপাথৰ হৰ্ডিং কেইখনেই সঁহাৰি ।
   ফৰিংফুটা জোনাক । আন্ধাৰৰ শুইথকা পাণবজাৰত অগণন জোনাকীৰ বিচৰণ । তাৰো দুচকুত ভাঁহি উঠিল দুটা জোনাকী , টিপ্ টিপ্ পোহৰ । 

: মোৰ ৰংহীন জীৱন জিলিকাবলৈ তোৰ স্থিতিয়েই বা কি ?
--চেটেপ্.......কেঁচ কেঁচ ।
-- জোনাকী এতিয়া তাৰ মুখগহ্বৰৰ লগৰী ।
: যা যা, ভিতৰলৈ সোমাই যা তহঁতে । পাৰিবি জানো উজ্বলাব মোৰ এন্ধাৰ খেদি ভালপোৱা অন্তৰ আত্মা জনী । চাল্লা , গোটেইমখাক কৰি পেলাম আজি মোৰ বক্ষগহ্বৰৰ আলহী ।

ক্ৰমশঃ ...
 ৰাতি এক বাজিল ।

পুৱা আহিব লগা নতুন দুৰ্ভিক্ষৰ আগজাননী লৈ নিশাটো আকৌ শুই পৰিল ।
___________________________________

Comments

Popular Posts